শ্ৰদ্ধাৰ নীলিম কুমাৰলৈ বিনম্ৰতাৰে (মৃদুল কুমাৰ সন্দিকৈ)
■ আপুনি মোৰ প্ৰিয় । সেই বুলি আপোনাৰ আপোনাৰ সকলো কবিতা মোৰ প্ৰিয় নহয়।
গাখীৰেৰে উপচা নাৰীৰ বুকু, তলপেটৰ তলৰ আন্ধাৰ বিচাৰি ফুৰা কবিতা বোৰ
কোনোবা সমালোচকৰ দৃষ্টিত তথাকথিত আধুনিক কবিতা হ'ব পাৰে । মোৰ বাবে সেইবোৰ
যৌন উন্মাদী কবিৰ উন্মাদনা । মই সেইবোৰক কবিতাক মোৰ দৃষ্টিভংগী আৰু বিচাৰ
-বিবেচনাৰে অকবিতাৰ শাৰীত স্হান দিলে আপুনি অকবি হৈ জানো যাব?
■ কবিতা সম্পৰ্কীয় আপোনাৰ মতৰ সৈতে বেলেগ মত পাৰ্থক্য থাকিব পাৰে । কবিতাৰ মান উন্নত হওঁক, নতুনচাম কবিয়ে সততাৰে কবিতা লিখক ।তাত আপত্তি নাই । আপুনি কবি সকলৰ সাধনাক নাসাৎ কৰি গোষ্ঠীগত ভাবে কোন কবি তাৰ পৰিসংখ্যা দাঙি ধৰিছে । সেই তালিকা প্ৰকাশ কৰি তেওঁলোকনো কিয় কবি আৰু বাকী সকল কিয় অকবি তাৰ ব্যাখ্যা আগবঢ়াওক প্ৰথমে । তাৰ পাছত পাঠকে -কবিতা ভালপোৱা মানুহে সিদ্ধান্ত ল'ব। আপুনি অকলে সেই সিদ্ধান্ত জাপি দিবলৈ কোন? আপোনাৰ যেনেকৈ কবিতাৰ ওপৰত অধিকাৰ আছে বাকী সকলৰো মত প্ৰকাশৰ অধিকাৰ নাই জানো? শেহতীয়াকৈ লিখিছে আপোনাৰ মতৰ বিৰুদ্ধে যি সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে অকবি !
■ নতুন কবিয়ে নিজা উদ্যোগত কাব্য চৰ্চা কৰিছে । বিভিন্ন মাধ্যমত সৃষ্টিৰাজি পাঠকলৈ এৰি দিছে । পকেটৰ ধন ব্যয় কৰি কবিতা কিতাপ প্ৰকাশ কৰিছে । ভাল লাগিলে পাঠকে পঢ়িব। বেয়া লাগিলে পাহৰণিৰ গৰ্ভত সেইবোৰ হেৰাই যাব ।আপোনাৰ প্ৰথম খন কাব্য গ্ৰন্থ 'আচিনাৰ অসুখ'ৰ প্ৰকাশকতো কোনো প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী নাছিল । এগৰাকী বিশেষ মহিলা কবিয়ে আন্তৰিকতাৰে সেই দায়িত্ব পালন কৰিছিল । এদিন আপুনি নবীন আছিল । এতিয়া এই সকল। তেওঁলোকৰ সাধনাৰ বাটত প্ৰতিবন্ধক হৈ থিয় দিয়াৰ যুক্তি ক'ত?
■ এই বেমাৰটো আপোনাৰ নতুন নহয়। ২০০২চনৰ ১৫ ডিচেম্বৰৰ সংখ্যা সম্ভাৰত আপুনি আৰু এজনে মিলি সাহিত্য সভালৈ এখন মুকলি চিঠি লিখিছিল । অকবিতাৰ প্ৰসংগৰে পৰৱৰ্তী সময়ত কবিতা স্কুল খুলিবলৈ 'কল অব্ দ্য ব্ৰহ্মপুত্ৰ 'ৰ বেনাৰত কুচকাৱাজ কৰিছিল । মহাশয়, ছেন্ট আগষ্টিনৰ ভাষাতে কওঁ- "কবিতা কি সুধিলে মই নাজানো, নুসুধিলে জানো! "
তাৰ পাছতো আপুনি কবিতা লিখা শিকাবলৈ স্কুল খোলাৰ পৰিকল্পনা কৰাৰ মানুহ । অৱশ্যে সেইটো নহ'ল ।
বিশ্বৰ প্ৰসিদ্ধ কবি-সমালোচকে কবিতা কি সংজ্ঞা দিবলৈ গৈ থমকি ৰয়, তেনে স্হলত আপুনি কবিতাক লৈ দীৰ্ঘ দিন ধৰি এই ভণ্ডামী কৰি অহা নাই বুলি মানি লওঁ কেনেকৈ?
■ কবিতাৰ নামত যদি বেছি ভণ্ডামী কৰিছে, সেইজনেই হ'ল আপুনি । 'অপ্ৰজনন 'ত কি লিখিছিল? গাৰুৰ তলত লৈ গোপনে পঢ়িব লগা অশ্লীল শব্দৰ সমষ্টিৰে যদি আপুনি লিখিলে কবিতা হয় তেনে অনুভৱৰ মাজত জী উঠা শব্দৰ সপোন এটা কবিতা নহব কিয়?
■ আপোনাৰ এটা কবিতা 'কিম্বদন্তী ' স্বপ্নৰ ৰেলগাড়ী শীৰ্ষক আপোনাৰ কাব্য সংকলনৰ ৬২ নং পৃষ্ঠাত আছে । তাত লিখিছে -
"দুপৰ ৰাতিৰ এটা নদীত
শিলৰ মুৰ্ত্তিবোৰে গা ধুবলৈ আহে
আন্ধাৰ পাৰত..."
নীলিম কুমাৰ মহোদয়ক সুধিব খোজো নদী এটা হয় নেকি? তেওঁৰ কবিতাতে এনে বহু আসোঁৱাহ আছে। সেই বুলি তেখেতক জানো 'অকবি' বুলি কম? নবীন কবি সকলক লৈ এলাৰ্জি কিয় হয়? তেওঁলোকক তেওঁলোকৰ কাম কৰি যাব দিয়ক । কবিতাহে লিখিছে, বেয়া কামতো কৰা নাই!
■ আপোনাৰ আন এটা কবিতা "তপত চকুলো "
তাৰ প্ৰথম বাক্য শাৰী হ'ল-
"জ্বলন্ত জুইৰ শিখাটি
জ্বলি জ্বলি শেষ হৈ গ'ল"
জুইক জানো জলন্ত বুলি কোৱাৰ প্ৰয়োজন আছে?
আপুনি কৈছে কবিতা আমি নপঢ়ো। কেনেকৈ সুক্ষ্ম বিশ্লেষণৰে অগ্ৰজ কবি সকলৰ কবিতা পঢ়ো তাৰ নমুনা আপোনাৰ কবিতাৰে দাঙি ধৰিলো ।
(কবিতা -অকবিতাক লৈ আপুনি শেহতীয়াকৈ লিখা কথাবোৰে এই কথা খিনি লিখিবলৈ বাধ্য কৰিলে । যুক্তিগত ভাবে লিখিবলৈ চেষ্টা কৰা কথাখিনিত ব্যক্তিগত ক্ষোভ নাই । বিনম্ৰতাৰে আপোনাৰ কথাবোৰৰ প্ৰত্যুত্তৰ দিয়াৰ চেষ্টাহে কৰিছো )

-
শ্বেয়াৰ কৰক
-
ফে'চবুকত শ্বেয়াৰ
-
টুইতাৰত শ্বেয়াৰ
-
গুগলত শ্বেয়াৰ
-
পিন
-
লিংকিনত শ্বেয়াৰ