সম্পাদকীয়

সাম্প্ৰতিক চচিয়েল মিডিয়াৰ ফে'চবুকত বিস্তৃতভাৱে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা হ'বলৈ ধৰিছে, এই বিষয়টোক বহু সময়ত বহু লোকে একপক্ষীয়ভাৱে ঋণাত্মক দৃষ্টিভংগীৰে সমালোচনা কৰি জাগ্ৰত প্ৰতিভাক বাধা দিবলৈয়ো কুণ্ঠাবোধ কৰা নাই যদিও ইণ্টাৰনেটত সাহিত্য চৰ্চা কৰাৰ ফলশ্ৰুতিত বহুতো ভাষা-সাহিত্যৰ অনুষ্ঠান গঢ় লৈ উঠিছে। উদাহৰণ স্বৰূপে ফে'চবুকৰ বিভিন্ন গোট আৰু পৃষ্ঠাৰ সৌজন্যত প্ৰকাশ পোৱা বিভিন্ন গ্ৰন্থ- আলোচনীয়ে অসমীয়া সাহিত্যলৈ খুতমান হ'লেও বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে বুলি আমি দাবী কৰিব পাৰোঁ। নিত্য-নতুন ন ন সৃষ্টিৰে উপচি পৰা ফে'চবুকৰ গুনগত লিখনিসমূহক প্ৰচাৰ-প্ৰকাশ আৰু সংৰক্ষণ কৰাৰ সময় আহি পৰিছে। সেই মহৎ উদ্দেশ্য আগত ৰাখিয়েই আমি পাঠকসমাজৰ উপযোগী তথা মনোগ্ৰাহীকৈ এই আলোচনীখন প্ৰকাশ কৰি উলিয়াইছোঁ।এই ক্ষেত্ৰত আমি কিমানদূৰ সফল হ'ব পাৰিছো সেইয়া নিৰ্ণয় কৰিব অনাগত সময়ত আপোনালোকৰ পৰা পোৱা সঁহাৰি আৰু প্ৰেৰণাই। বৰ্তমান সময়ত অসমীয়া ই-আলোচনীৰ সংখ্যা তেনেই সীমিত আৰু বিভিন্ন সময়ত প্ৰকাশ পোৱা কেইবাখনো ই-আলোচনীও বিভিন্ন কাৰণবশত বন্ধ হৈ গৈছে। সঁচাকৈয়ে ই-আলোচনী এখন চলাই নিবলৈ অসম্ভৱ নহ'লেও কিন্তু যথেষ্ট কষ্টকৰ বুলিব পাৰি। প্ৰতিযোগিতা আৰু ব্যৱসায়িক যুগটোত ই-আলোচনী এখন নিয়মীয়াকৈ প্ৰকাশ কৰি থাকিবলৈ প্ৰয়োজন নিঃস্বাৰ্থ সেৱা আৰু নিষ্ঠা ইয়াৰ সমান্তৰালকৈ প্ৰয়োজন হ'ব লেখক-লেখিকা সকলৰ সহানুভূতি আৰু সঁহাৰি। "নিৰিবিলি'ৰ এই প্ৰথম খোজত যদি কিবা আসোঁৱাহ তথা ভুল-ত্ৰুতি ৰৈ গৈছে তেন্তে আপোনালোকলৈ অনুৰুধ যাতে ভুল-ত্ৰুতিসমূহ আমাক আঙুলিয়াই অৱগত কৰি দিয়ে যেন।
ধন্যবাদেৰে,

সত্যজিত কাকতি
সম্পূৰ্ণকৈ পঢ়ক »

বিহুৱান (ড° সমাদৃতা গোস্বামী)

 খিতিককৈ শব্দ হোৱাত মাজনীয়ে তাঁতৰ শালৰ পৰা মুৰ তুলি চালে৷ নঙলা পেলাই জুনু পেহী আহিছে৷ এই দুপৰীয়া সময়ত কোনোবা আহিলে তাইৰ মাথা গৰম হৈ আহে৷ তাতে আহিছে জুনু পেহী৷ পেহীয়ে নঙলা কেইদালো উঠাই থৈ অহা নাই৷ মাজনীৰ ভমককৈ খঙটো উঠি আহিল৷
"মা, অ’ মা"
চিঞৰি চিঞৰি মাজনীয়ে মাকক বিচাৰি ভিতৰ সোমাল৷
"জুনু পেহী আহিছে ঐ৷ নঙলাও উঠাই থৈ অহা নাই৷ গৰু সোমালে মই কিন্তু খেদিব নোৱাৰো৷"
তেতিয়ালৈ জুনু পেহী মাজনীহঁতৰ ঘৰৰ আগ চোতালত৷ মাজনীৰ কথাকেইশাৰী তেওঁ স্পষ্টকৈ শুনিলে৷ নঙলা উঠাবলৈ তেওঁ উভতিল৷ যাওঁতে তেওঁ বকি গ’ল
"জহনীজাতি, ঘৰলৈ অহা আলহীক এনে ব্যৱহাৰ কৰিবলৈ শিকাইছে মাৰ-বাপেৰে"
মাজনীৰ মাকে পেহীক উভতি খোজ লোৱা দেখি
"এ…হ কি কৰে কি কৰে? আহক আহক, আমাৰ এই নঙলা উঠাব নহয়৷ মাজনী, অ’ মাজনী, তোৰ মুখত মই আজি জুই দিম ৰহ" বুলি চেঃচেহাই উঠিল৷

মাজনীৰ নিজকে ৰনত জয় হোৱা ৰজাৰ দৰে লাগিল৷
"বুঢ়ী, নঙলা উঠুৱাইহে এৰিলো৷ কি বুলি ভাবিছ মোক? তই যদি বাৰেৰে মই তেৰেৰে৷" নিজকে কৈ তাই সন্তুষ্টিৰ হাঁহি মাৰিলে৷
নঙলা কেইদাল উঠাই পেহীয়ে আকৌ উভতি বাৰান্দা পালেহি৷
"বোলো মাজনীৰ মাক, মই তোমাৰ জীয়েৰৰ কথাত বেয়া নেপাওঁ৷ তাইৰ মুখখন বেয়াই৷ পাৰোতে মই তাইক বোৱাৰী নকৰাকে আছোনে?"
মাজনীৰ মাক মনে-মনে থাকিল৷
ভিতৰত মাজনীয়ে মুখৰ ভিতৰতে ভোৰভোৰালে "বুঢ়ী, তই মৰাৰ পিচদিনাই তোৰ ভেটিত উঠিমগৈ"

"দায়-দোষ নধৰিব৷ তাইৰ মুখখনহে বেয়া৷ অন্তৰখন ভাল৷ পিচে কি সকামত আহিল এই দুপৰীয়াখন৷"
মাজনীৰ মাকে পেহীলৈ তামোলৰ বঁটাতো আগবঢ়াই সুধিলে৷

"সকাম ডাঙৰেই৷ বিহুলৈ বুলি মোক পাঁচখন গামোচা লাগে৷ এই বিহুতে ছোৱালী ঘৰৰ পৰা মানুহ আহিব বোলে৷"
জুনু পেহীয়ে সাধাৰণকৈ কৈ পেলোৱা কথাশাৰীত মাজনীৰ মাকৰ মুখৰ মাত হৰিল৷ মাজনীৰ বুকুৰে যেন এপাট শেলহে মাৰিলে কোনোবাই৷ জুনু পেহীক দেখিলেই বাঘিনীৰ ৰুপ ধৰা মাজনী ভিজা মেকুৰীটো হৈ বেৰতে আউজি বহিল৷ তাৰমানে সকলো শেষ৷ বুকুৰ বিষটো উজাই আহিল৷ চকুৰ পানীৰে বাট নেদেখা হ’ল তাই৷ নিজৰ বাওঁগালখন মোহাৰি -মোহাৰি তাইৰ মনত পৰিল জুনু পেহীৰ পূৰ্নহতীয়া চৰটোলৈ৷
যোৱা বছৰৰ বিহুৰ সময়ৰে কথা৷ জুনু পেহীৰ জীয়েকৰ বিয়া৷ গাঁৱত বিয়া হ’লে জীয়ৰি - বোৱাৰী সকলোৱে লাগি-ভাগি লাৰু-পিঠা বনায়৷ মাজনীও পোন্ধৰ দিন মান আগৰে পৰাই জুনু পেহীৰ ঘৰত প্ৰায় থকাৰ নিছিনাই৷ মাজনী সকলো কামতে আগৰণুৱা৷ সেয়ে সবৰে বিয়াত তাই নহ’লে কামেই নচলে৷ পিছে জুনু পেহীৰ ঘৰৰ বিয়াত মাজনীয়ে অলপ বেছিকৈয়ে লাগি দিছিল৷ বিয়াৰ কামৰ চলেৰে ৰমেনৰ লগত চুপতি মৰাৰ মজাই সুকীয়া৷ গাঁৱত সকলোৱেই ৰমেন-মাজনীৰ প্ৰেমৰ কথা জানে৷ ৰমেনৰ লগৰীয়া কেইটাইতো বিহুগীতৰ চলেৰে ৰমেনক জোকায়েই আছিল বোলে বাটৰ বাধা ভনীয়েৰ আঁতৰ হ’ব যেতিয়া লাহেকৈ মাজনীক ঘৰ সুমুৱাব পাৰিবিহি৷ দৰা আহিবৰ পৰতে অথন্তৰখন হ’ল৷ দৰা ঘৰৰ মানুহে জোৰা নাম গাবলৈ আৰম্ভ কৰিলে৷ নামতি মাজনীও ৰৈ নাথাকিল৷ ওলোটাই নাম গোৱাত লাগিল৷
এনেকৈ ইপক্ষে সিপক্ষক জোৰা নামৰ চলেৰে খোঁচাত লাগিল৷ শেষত দুই পক্ষৰ মাজত কাজিয়া হ’লগৈ৷ দৰা ঘৰক চুৱা চেলেকাৰ জাক বুলি জোৰা নামেৰে মাজনীয়ে কোৱাত দৰাঘৰৰ মানুহৰ খং উঠিল৷ দুই-একে ক’লে যে জোৰা নামবোৰ তেনেকুৱাই৷ খং কৰিব নেপায়৷ দৰাৰ ঘৰো নাচোৰবান্দা৷ কইনা ঘৰৰ নামতীয়ে দৰাঘৰক ক্ষমা খুজিবই লাগিব৷ শেষত মাজনীয়ে সমজুৱাকৈ ক্ষমা খুজিব লগীয়া হ’ল৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ দৰাক আঁদৰি ৰভাঘৰৰ ভিতৰলৈ আঁহোতে দৰাৰ ভায়েকে মাজনীৰ ককালটোতে ধৰি গালৈ চপাই আনি অশ্লীল ইংগিত দিলে৷ মানুহৰ হেমগেমৰ মাজত কথাটো মানুহৰ চকুত নপৰিল৷ অলপ আগতে ক্ষমা খুজি অপমান বোধ কৰি থকা মাজনীয়ে পূৰ্নহতীয়া চৰ সোধালে দৰাৰ ভায়েকৰ গালত৷ তৎক্ষনাত হুলস্থুল লাগি গ’ল৷ দৰাই আদবাটৰ পৰাই ছোৱালী বিয়া নকৰাও কৈ ঘৰলৈ উভতিবলৈ ধৰিলে৷ জীয়েকৰ বিয়া মাকে চাব নাপায় বাবে ৰমেনৰ মাক শোৱা কোঠাত আছিল৷ কোনোবাই ক’লেগৈ মাজনীয়ে দৰাৰ ভায়েকক চৰিওৱাত দৰাই উভতি বাট বুলিছে৷ ৰমেনৰ মাকে বাহিৰলৈ লৰ দিলে৷ আহিয়েই মাজনীৰ দীঘল চুলিকোচাত ধৰি গালত সোধাই দিলে এটা প্ৰচণ্ড চৰ৷ মাজনীয়ে কান্দি-কান্দি বুজাব খুজিলে আচল কথাটো৷ তাইৰ কথা কোনে শুনে? সকলোৱে ভাবিলে জোৰা নাম গাই ক্ষমা খুজিব লগা হোৱা কাৰণেই তাই দঁৰাৰ ভায়েকক চৰ মাৰি প্ৰতিশোধ ল’লে৷ সকলোৱে যিয়েই নাভাৱক লাগে, মাজনীয়ে ভাবিছিল ৰমেনে বুজিব৷ পিছে ৰমেনেও তাইক গালিহে পাৰিলে৷ শেষত মাজনীৰ মাক -দেউতাকে ৰাইজৰ আগত আঠু লোৱাতহে যেনিবা বিয়াখন হ’লগৈ৷ তেতিয়াৰে পৰা ৰমেনৰ ঘৰলৈ মাজনী যোৱাত বাধা৷ মাজনীক মাকে ক’লে

" আই, ধৈৰ্য ধৰ৷ আমি তোক বুজি পাওঁ৷ এদিন ৰমেন উভতি আহিব৷ ভগৱানৰ ওপৰত বিশ্বাস ৰাখ"৷
ছোৱালীয়ে দুখ নাপাওক, মাজনীয়ে মন পচন্দৰ ল’ৰাটোলৈকে বিয়া হওক ভাবিয়েই মাজনীৰ মাক-দেউতাক ৰমেনহঁতৰ লগত ভাল হৈ থাকিল৷ ৰমেনক ঘৰলৈও মাতিছিল৷ ৰমেন নাহিল৷ মাজনীয়ে কত দিন নৈৰ ঘাটত, বৰপুখুৰীৰ পাৰত পৰ দিলে, ৰমেন নাহিল৷ ভাবিছিল সময় পাৰ হ’লে ৰমেন এনেও আহিব তাইৰ ওচৰলৈ৷ আঁতৰি-আঁতৰি কিমানদিনলৈ থাকিব? কিন্তু কথাটো ভালক চাৰি বেয়াহে হ’ল৷ ৰমেনৰ ভনীজোঁৱাইৰ ঘৰখনে কোনো কাৰণতে মাজনীক আদৰি ল'বলৈ ৰাজি নহয়৷ তেওঁলোকে হেনো জুনু পেহীহঁতক ক’লে মাজনীক আঁদৰি ল’লে নিজৰ জীক হেৰুৱাব৷ এইবোৰ শুনা কথা৷ মাজনীৰ মাকে ৰমেনৰ মাকক আচল ঘটনাতো বিৱৰি কৈছিল৷ ৰমেনৰ মাকে ক’লে
"তোমাৰ জীয়েৰকনো জোৰা নাম দি দঁৰাঘৰক লাজত পেলাবলৈ কোনে কৈছিল? ডেকা ল’ৰাই গাভৰুৰ কঁকালত নধৰি ভৰিত ধৰিবনে? এতিয়া এনে দাংকাটি ছোৱালীক বোৱাৰী কৰি মই মোৰ জীক হেৰুৱাব নোৱাৰো৷ আমাৰ ল’ৰাই পৰিয়ালৰ অমংগল হোৱা কাম নকৰে৷ আমাৰ কথা মানে সি৷ তুমিও ছোৱালীৰ কাৰণে বেলেগ ল’ৰা বিচাৰা৷"
ইমান অপমানৰ পাচতো মাজনীৰ মাকে আশা এৰি দিয়া নাছিল৷ সদায় জীয়েকক কৈছিল
"কিবা এটা কৰিম ৰহ৷"
মাজনীয়েও বিহুত ৰমেনক দিবৰ কাৰণেই গামোছা বৈছিল৷ তাই ভাবিছিল বিহু মৰাৰ চলেৰে ৰমেনৰ লগত কথা হ’ব৷ বিহুৱান যাচিব৷ মাকেও মাজনী তাঁতৰ শালত বহি থাকিলে ঘৰুৱা কামলৈ নামাতিছিল৷ মনৰ মানুহটোলৈ হিয়া উজাৰি গামোছাখনকে ব’বলৈ পাইছে তাই৷ বওক৷ তাই মনত শান্তি পাওক৷ পিছে আজি ৰমেনৰ মাকৰ কথা শুনি মাজনীৰ মাকৰ বুকুখন দুৰু-দুৰুকৈ কপি উঠিল৷ তেওঁ জীয়েকৰ চকুলৈ চাব কেনেকৈ?
ৰমেনৰ মাক উভতি যোৱা এপৰ হ’ল৷ সন্ধিয়া লাগিবৰ হ’ল৷ মাজনীৰ মাক গোঁসাই ঘৰতে বহি থাকিল৷ বাট হেৰোৱা মানুহৰ শেষ আশ্ৰয় ভগৱান৷ থাপনা খনলৈ তেওঁ একে থিৰে চাই থাকিল৷
ৰমেনৰ এটা বছৰে হিয়া নগনিলনে? মাজনীয়ে দেখোন একো দোষ কৰাই নাছিল৷ এনেকুৱা মানুহ এটাকে তেওঁৰ জীয়েৰে ভাল পাইছিল নে?
চকুৰ পানী, নাকৰ পানীৰে একেকাৰ হৈ তেওঁ মাটিতে বহি আকাশ-পাতাল ভাবি থাকিল৷ এনেকুৱা ল’ৰা এটা তেওঁৰ জোঁৱাই নহ’লেও হ’ব৷ মাজনীৰ মাকে স্বগতোক্তি কৰিলে৷

"মা"
মাজনীৰ মাতত তেওঁ গালৰ চকুপানীখিনি মোহাৰি তাইলৈ উভতি চালে৷
"এইখন ল৷ গামোছা৷ ৰমেনলৈ বৈছিলো৷ ভগৱানৰ থাপনাতে পাৰি থ৷"
গামোছাখন মাকৰ হাতত গুজি উচুপি-উচুপি মাজনী ধিৰ খোজেৰে গোঁসাই ঘৰৰ পৰা ওলাই গ’ল৷
জীয়েক যোৱাৰ ফালে মাজনীৰ মাকে একে থিৰে চাই থাকিল৷ গামোছাখন বিহুৰ আগতেই ৰমেনে পোৱাৰ ব্যৱস্থা কৰিব লাগিব৷ ৰমেনক তেওঁ মাজনীৰ শেষ উপহাৰ দিব৷ ৰমেনক তেওঁ আশীৰ্বাদো দিব৷ লগতে ক’ব তাৰ দৰে পলৰীয়া এটাক জোঁৱাই হিচাপে নোপোৱাৰ কাৰণে তেওঁ কিমান সুখী৷
মাজনীৰ উচুপনিক নেওচি নামঘৰৰ পৰা দবাৰ মাত ভাঁহি আহিল৷
ভাল ল’ৰা এটা বিছাৰিবলৈ মাজনীৰ দেউতাকক ক’ব লাগিব আজি৷ এই ব’হাগতে তাইৰ বিয়াখনো পাতিব লাগিব৷ মাজনীৰ মাকে ফুলাম গামোছাখন লিৰিকি-বিদাৰি ভাবি থাকিল৷

(সমাপ্ত)
সম্পূৰ্ণকৈ পঢ়ক »

নৰখাদক (প্ৰাচুৰ্য প্ৰীতম শইকীয়া)

- সেন্দুৰ আৰু তেজৰ ৰং একেটাই। পাৰ্থক্য মাথো বিশ্বাসৰ। ভয় কৰিব নালাগে, তোমাৰ সন্তানে তোমাক প্ৰতাৰণা নকৰে। অবৈধ হলেও তাৰ দেহত মোৰ তেজ বিৰাজমান।
অস্থায়ী ক্ষমতা, প্ৰতিপত্তিৰে তেনেই কম বয়সতে সমদ্ৰ মহানগৰখনত দপদপাই থাকিবলৈ সক্ষম হোৱা যুৱ নেতা তথা দৰিদ্ৰৰ দালাল প্ৰৱাল কাশ্যপৰ সাংঘাটিক আত্মবিশ্বাস। কথাষাৰ কওঁতে তাৰ চকুত কোনোধৰণৰ চিন্তাৰ লক্ষণ দেখা নগ’ল। নন্দিনীয়ে মুখেৰে একো নামাতিলে। সি আকৌ সুধিলে,
- তুমি তৃপ্ত?
- ওঁ। নন্দিনীয়ে মুৰ দুপিয়াই শলাগিলে।
“নহয়। মই অতৃপ্ত।“ বুলি কবলৈ একান্ত ইচ্ছা থকা সত্বেও মুখেৰে নামাতিলে। বৰ বিশ্বাসেৰে মৃন্ময়ৰ মাকে তাইৰ শিৰত সেন্দুৰখিনি আঁকি দিছিল। সেয়ে তাই ৰৈ যাবলৈ বাধ্য হৈছে।
নন্দিনীৰ মনলৈ কেতিয়াবা আপচোচ ভাৱ এটা আহে, প্ৰায়ে নাহে। মৃন্ময়ৰ পৰিৱৰ্ত তাইৰ প্ৰয়োজনীয় মানসিক কিম্বা দৈহিক প্ৰয়োজনখিনি যিসময়ত প্ৰৱাল পূৰণ কৰি আহিছে, সেইখিনি স্বাৰ্থৰ খাটিৰতে নন্দিনীয়ে বিশ্বাস-অবিশ্বাসখিনিৰ তুলনা কৰি সময় অযথা মুৰ ঘমোৱাৰ যুক্তি নেদেখে। মৃন্ময়ৰ মাকৰ বিশ্বাস আৰু মৃন্ময়ৰ বিশ্বাসৰ মাজৰ পাৰ্থক্যখিনি তাইৰ জুৰুণৰ দিনটোৰপৰাই উপলব্ধি কৰি আহিছে। মাথো সেইখিনি স্থায়ী ৰূপত তাইৰ মনত খোপনি পুতিবলৈ মৃন্ময়ৰ দায়িত্বহীনতা আৰু উদাসীনতাই যথেষ্ট ইন্ধন যোগালে। তাৰ ব্যস্ত দৈনন্দিন জীৱনে নন্দিনীক তেনেই অকলশৰীয়া কৰি তুলিছিল, তাইৰ ইটো-সিটো প্ৰয়োজনৰ প্ৰতি তাৰ অলপো গুৰুত্ব নাছিল। নন্দিনীয়ে শিৰৰ সেন্দুৰখিনিৰ ৰঙা ৰঙটোলৈ গুৰুত্ব দি কেৱল নিৰৱে চকুলো টুকিছিল, শেহৰাতিলৈকে চটাফটাইছিল আৰু বিচনাখনৰ আনটো মুৰে স্বপ্নবিষ্ট নভগা টোপনীত মৃন্ময়ে ৰাতিৰ পাছত ৰাতি পাৰ কৰিছিল।

প্ৰৱালৰ সৈতে নন্দিনীৰ চিনাকী বহুবছৰ পুৰণি। সি তাইতকৈ বয়সত দুবছৰমান সৰু। তাইৰ বিয়াৰ আগতেই প্ৰৱালৰ সৈতে নন্দিনীৰ এটা সু-সম্পৰ্ক আছিল, সেয়া প্ৰেম নাছিল। তেতিয়া প্ৰৱাল এটা শান্ত-শিষ্ট, অঁকৰা ল’ৰা আছিল। তাৰ দৃষ্টিত তাৰ পৃথিৱীখন তেনেই সুখৰ আছিল, সি তাৰ সাধ্যনুসাৰে সপোনবোৰ সজাই লৈছিল। সি নন্দিনীক তাৰ সপোনবোৰৰ কথা কৈছিল, তাই শুনিছিল, হাঁহিছিল, ভাল লাগিছিল, কোনোবা এটা দুৰ্বল মূহুৰ্তত এবাৰ তাৰ সৈতে এৰাতিৰ জোনাক উপভোগ কৰাৰ তীব্ৰ বাসনা জাগিছিল, সি একোৱেই গম পোৱা নাছিল। হথাতে প্ৰৱাল হেৰাই থাকিল। মৃন্ময়ৰ সৈতে নন্দিনীৰ শুভ বিবাহখন পাৰ হৈ গ’ল। নন্দিনীয়ে পাৰ্য্যমানে সুখ-দুখৰ সংজ্ঞাবোৰ সলনি কৰি ল’লে...। মৃন্ময় একে থাকিল।
“বাদ দিয়কনা। বৈধ-অবৈধ...ভাল বেয়া। এইবোৰ সকলো মানুহৰ নিজা ধাৰণা। আজিৰ মতলবী পৃথিৱীবাসী অত্যন্ত জটিল। নিজৰটো অলপ বেচিকৈ ভাৱক, তাৰ পাছত যদি সম্ভৱ আনৰ কথা চিন্তা কৰক। সুখী হব পাৰিব।“ বহুবছৰৰ পাছত প্ৰৱালক লগ পাই নন্দিনী আচৰিত হবলৈ বাধ্য হৈছিল। প্ৰথমদিনা লগ পাই সি বহু কথাই পাতিছিল, তাই মাত্ৰ ৰ’ লাগি তাৰ মুখলৈ চাই আছিল। সি তেতিয়ালৈ সাংঘাটিক সলনি হৈ পৰিছিল, যিটো নন্দিনীৰ কল্পনাৰ বাহিৰৰ আছিল। এদিন দুদিনকৈ দিন বাগৰাৰ লগে লগে ক্ৰমশঃ প্ৰৱাল পুনৰ তাইৰ কাষ চাপি আহিছিল। প্ৰৱালে তাৰ ব্যস্ত, জটিল জীনটোৰপৰা এক্ষন্তেকৰ বাবে উলাই আহি নন্দিনীৰ কাষ চাপিবলৈ ধৰিলে, তাই সুখ-দুখৰ সংজ্ঞাবোৰ আপোনা-আপোনি সলনি হৈ পৰিল... নন্দিনীৰ অতৃপ্ত দেহ মনৰ ক্ষোভ অভিমানবোৰ সি মুৰ পাতি ল’লে।
মৃন্ময়ক ভাল খবৰটো জনাবলৈকে নন্দিনীয়ে তাৰ ফোন নম্বৰটো ডায়েল কৰিলে,
- ডাক্তৰে কি ক’লে?
- ছাৰিমাহ।
- কংগ্ৰেটছ।
- এব’ৰচন কৰিম।
- এজ ইউ উইছ...।
মৃন্ময়ক প্ৰত্যুত্তৰ জনাই কিবা এষাৰ কোৱাৰ নন্দিনীয়ে প্ৰয়োজনবোধ নকৰিলে। তাইৰ মৌনতাত সিয়ো অতিষ্ঠ নহ’ল। তাই এক্ষন্তেক ৰৈ ফোনটোৰ সংযোগ বিচিন্ন কৰি দিলে। প্ৰৱাল হোৱাহেঁতেন হাজাৰ ব্যস্ততা এৰি লগতে কলবেক কৰি সুধিলেহেঁতেন, “ফোনটো কিয় কাটি দিলা?” তাই খং অভিমানখিনি সাৱটি লৈ মুখখন ফুলাই মাত নিদিয়াকৈ ৰৈ থাকিলেহেঁতেন। সি আকৌ সুধিলেহেঁতেন, “কি হ’ল অ’ সোণজনী?”।

নন্দিনীৰ চকুৰ পটা দুখন সেমেকি উঠিল। এইসময়ত তাই নিজকে বৰ অসহায় অনুভৱ কৰিছে। অতৃপ্ত তাই এইমুহুৰ্তত। এনেকৈ আৰু কিমানদিন? আকৌ যদি প্ৰৱাল হেৰাই যায়? প্ৰৱালৰ প্ৰতি থকা নন্দিনীৰ আচুতীয়া বিশ্বাসখিনি যদি আন কোনোবা এগৰাকী অচিনাকী নাৰীয়ে কাঢ়ি নিয়ে, তাই তাইৰ সন্তানটিক সেই নাৰীগৰাকীক কি বুলি পৰিচয় কৰাই দিব?
অৱশেষত নন্দিনীয়ে এব’ৰচন কৰাৰ সিদ্ধান্ত ল’লে। নন্দিনীয়ে জানে, এই কথা জনাৰ পাছত প্ৰৱালে আৰু তাইক কেতিয়াও ক্ষমা নকৰিব। তাইৰ কষ্ট হব। আকৌ তাইৰ সুখ-দুখৰ সংজ্ঞাবোৰ সলনি হ'ব। তাই নিজক বুজাই ল'ব পাৰিব। কিবা কৰি পূৰ্বৰ দৰেই অকলশেৰে, অতৃপ্তিৰে জীয়াই লব। তথাপিও তাই তাইৰ সন্তানটিক সেই কাপুৰুষ দেউতাকজনৰ সৈতে চিনাকী কৰাই নিদিয়ে, যি প্ৰকৃততে দেউতাক হোৱাৰ যোগ্যতা অৰ্জন নকৰে।
সম্পূৰ্ণকৈ পঢ়ক »

ঠিকনা (উৎপলা কৌৰ)

কি যে হ'ব! অকলে থাকিলেই কিয় যে সদায় মনটো বেয়া লাগে।বুজি নাপায় তাই।
……
গ্ৰীষ্মৰ ভৰ দুপৰীয়া।সকলো ভাত খায় দীঘল দিছে। বাচনকেইটা ধুই তায়ো বহিছে অকণ পাছফালৰ দুৱাৰদলিতে ।বুঢ়ীজনীয়ে দেখিলে দুৱাৰমুখত বহিব নাপায় বুলি চিঞৰ বাখৰ লগালেহেঁতেন।
মামী, ভাইটিমামা শুই অাছে মাইনাদুজনী লৈ।
তাইৰ অাগতেই বৰলা ভাইটি মামাই বিয়াও পাতিলে, ছোৱালীও হ'ল দুজনী। ডাঙৰজনী তাইৰ হাততেই কে জি ক্লাছ পালেগৈ! তাইৰহে বিয়াখন নহ'লগৈ।ভাবিলেই খং উঠি যায়।নিপেনলৈ তেতিয়াই গুছি যোৱা হ'লেই ভাল অাছিল।পিছে সি নিজেই নিনিলে। ক'লে বোলে অাগতে ৰূম এটা বঢ়াই লওঁ।ন'হলে তোক অানি ক'ত ৰাখিম।অহাবছৰ বিয়াখন পাতিম দে ন'হলে!
হয়তো ! তাইয়েই যদি নুবুজে তাৰ কথা কোনে বুজিব?
তাই অাকৌ বুঢ়ীৰ অালপৈচান ধৰিবলৈ দুঘণ্টাৰ বাট ৰেলত উঠি গুছি আহিল।
পিছৰ বছৰ ঘৰলৈ যাওঁতে তাৰ খবৰ ল'বলৈ তাৰ ঘৰলৈ গৈছিল তাই ।অচিনাকি বোৱাৰী এজনী ওলাই তাইক বহিবলৈ দিছিল।পিছে পিছে নিপেন ওলাই আহিছিল। তাহাঁতৰ কথাৰ পৰাহে গম পালে তাই তাৰ ঘৈণী বুলি!!
খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ।
" হেই! তই মোক এৰি তাইক কিয় অানিলি?
"চুপ *****! ভাগ ইয়াৰ পৰা…বেঁকী পাগলী যা…অাকৌ আহিবি ঠেং ভাঙিম তোৰ "!
তায়ো কম নহয়। সি ভালপাওঁ বুলিও কৈছিল ,বিয়া কৰাম বুলিও কৈছিল।অাৰু কৈছিল গিৰিয়েক ঘৈণীয়েক হ'মেই যেতিয়া ঘৰত মাই নেথাকিলে তই অাহিবিচোন ! তাই গৈছিলোঁ তিনি চাৰিবাৰ! অঁকৰা খংটো উঠি অাহিল তাইৰ।সমানে চিঞৰিবলৈ ধৰিলে
"অই! চা** ******ৰ পুতেক! মায়েৰে নাথাকোঁতে মাতিছিলি যে তেতিয়া দেখা নাছিলি বেকাঁ মুখন মোৰ? ঘৈণীয়েৰৰ অাগত বৰমতা দেখুৱাইছ?অই…… ডিচপেনচয়িত নি দৰৱ খুৱাওঁতে দেখা পোৱা নাছিলি?"
তাইৰ চিঞৰ শুনি সি কথা বিষম যেন দেখি ঘৈণীয়েকক ঠেলি ঠেলি ভিতৰলৈ লৈ গ'ল অাৰু নিজেও ভিতৰ সোমাই দুৱাৰ মাৰি দিলে।তাই খঙতে মাটিৰ পৰা দ'লিচপৰা এটা বুটলি বন্ধ দুৱাৰখনলৈ মাৰি পঠালে
" যা যা…মাইকীৰ নিচিনা সোমাই থাক ঘৈণীয়েৰৰ 'হেৰি' পিন্ধি"।
তথাপি খংটো নকমিল।থুৱাই বুলি গাৰ সমস্ত জোৰেৰে থু অকণ ঘৰটোৰ ফালে পেলাই তাই উলটিল।ইমান যে দুৰ্বল লাগিছিল ভৰি দুখন তেতিয়া…যেন অাগেই নাবাঢ়িব।
হাতৰ মুঠিটোত মামীয়েকে দিয়া ৰুমালত বান্ধি পঞ্চাশ টকা এটা লৈ আহিছিল মাছ অকণ নিবলৈ বুলি ৰাতিৰ কাৰণে।ৰুমালখন মেলি চালে।নাই পইচাটো।নিপেনৰ চোতালতে পৰিল ছাগে।তাইৰ ঢেক ঢেক কৈ হাঁহি উঠি গ'ল।অাজি নিেপনে তাইৰ পইচাৰে মাছ কিনি খুৱাব ঘৈণীয়েকক।অকলে অকলে হাঁহি হাঁহি তাই ঘৰ সোমাল।
চোতালতে মাকে নাৰিকলৰ পাত চুঁচি আছিল বাঢ়নীৰ কাৰণে।তাইক দেখি ক'লে "পাগলী মাছ আনিবলৈ গৈ কাজিয়া লাগি খালী হাতেৰে ঘূৰি অাহিছ? মৰণনহৈতী"!
আকৌ টিঙিচকৈ উঠিল তাইৰ খংটো! দিলে এজাউৰি মাকক "মোৰ কাৰণে চিন্তা নকৰ অকণ, মই তোক মাছ আনি খুৱাব লাগে ? নাথাকোঁ মই ইয়াত।থৈ আহিবি কালি গুৱাহাটীত।ভাল নাপাওঁ মই তোক, ভাইটিমামাই ল'ৰা ঠিক কৰি দিব মোক!"
_____________
সেইবিলাক ঘটি যোৱাৰ পাছত পোন্ধৰটা বিহু গ'ল, পূজা গ'ল।কেইবা বছৰো ছোৱালী বিচাৰি নোপোৱা ভাইটিমামাই ছোৱালী পালে, বিয়াও পাতিলে।তাইহে তেনেকৈ থাকিল। গাঁৱত কাৰোবাৰ ঘৰত কিবা পাতিলে ঘৰৰ মানুহ যাব নোৱাৰিলে তাইয়েই ঘৰখনৰ মানুহৰ সলনি মাত এষাৰ দিয়েগৈ, সিমান দিন এইখন গাঁৱত অাছে তাই!
সৰু আইনা এখন খিৰীকিৰ
চৌকাঠত ওলমাই লৈছে তাই।কাষৰ পুৰনা ভগা কাঠৰ অালমাৰীটোৰ ওপৰত তাইৰ ফণিখন, পণ্ডচ ক'ল্ড ক্ৰীমটো (ঠাণ্ডা হওক, গৰম হওক সদায় ক'ল্ড ক্ৰীম!), কাজলটো! আইনাখনত দিনটো মুখখন ঘূৰাই পকাই কিমানবাৰ যে চাই! ৰংটো সিমান চাফা নহয় যদিও চেলাউৰি কেইডাল দীঘলীয়া।চকুকেইটাও ধুনীয়া! কেৱল মুখখনৰ বেঁকা ফালটোৰ ফালে থকা চকুটো সৰু অানটোতকৈ।ওঁঠযোৰো পাতল, কেৱল বেঁকাহে…নিপেনৰ লগত সেই ঘটনাৰ পাছত মুখখনো শুকাই গ'ল তাইৰ ।
সৰুতেই মূঢ়াৰ পৰা পৰিছিল তাই,তেতিয়াৰ পৰা বোলে তাইৰ মুখখন বেঁকা !! মূঢ়াৰ পৰা পৰিলেনো মুখ বেঁকা হয়নে? সেইকাৰণে মাকক দেখিব নোৱাৰে তাই! কিয় মূঢ়াত বহাই দিছিল তাইক ওচৰত থাকিব নোৱাৰে যদি।
_________________
"কিমান অাৰু অাইনাখনৰ অাগত থিয়দঙা দি থাক? যাচোন চেনি নিদিয়াকৈ চাহ অকণ দে…ঔষধ খাব লাগে"
"হেই বুঢ়ী! তোক ভাল নাপাওঁ মই…তোৰ কাম কৰিবলৈ থকা নাই ইয়াত। সেইকাৰণে পুতেৰ বোৱাৰীয়েৰে দেখিব নোৱাৰে তোক,থৈ আহিবি মোক ঘৰত।মই বিয়া হ'ব লাগে। তহঁতৰ লেদেনা উকটি থাকিলে মোৰ নচলে।"
"হ'ব দে! বাইদ' অাহিব দেওবাৰে। গুছি যাবি।যা এতিয়া চাহ অকণ দে"
"নোৱাৰো মই!"
পুনৰ তাইৰ দৃষ্টি অাইনাত।
খিৰীকিৰ কাষেৰে কোনোবা এটা সাউৎকৈ পাৰ হৈ গ'ল।সেইটো বাবুল।এবাৰ জেওৰা দিয়াৰ কামত তাক হাজিৰা লগাইছিল।তেতিয়াৰ পৰা সি আহিলেই তাইৰ খবৰ সোধে।
ভাইটিমামাই কোৱা মতে সিও বোলে তাইৰ নিচিনা কামিলা ছোৱালী এজনীকে বিচাৰি আছে।গতিকে সি অাহিলে তাক ভালকৈ মাত কথা, চাহ পানী দিয়ে তাই।তালৈ চাহ বনাওঁতে বুঢ়ীকো অকণ দিলেগৈ।বেচেৰী বুঢ়ীজনীৰ বুকুত মেচিন এটা লগোৱা আছে।মাহে মাহে গুৱাহাটীত গৈ ডাক্টৰক দেখাই অাহে জীয়েকৰ লগত জীয়েকৰ ঘৰত থাকি।দিনৰ দিনটো ঢেৰ ঔষধকে খাব লাগে।
"মই চাহ অকণ খোজোতে হ'লে নিদিলি।সি অহাৰ লগে লগে চাহ বনাবলৈ দৌৰ দিলি? কেতিয়া লাজ হ'ব তোৰ?"
"মই কৈছো নহয় নাথাকো মই … "
এনেকৈ লাগি বহুতবাৰ তাই ঘৰলৈ গুছি গৈছে।দৰমহাৰ পইচা আধা ৰাখি অাধা দিয়ে তাইক মামীয়েকে।
কাপোৰৰ বেগটো দেখি মামাকে ক'য় গোটেইসোপা লৈছ যে ডাঙিব পাৰিবি? অাধাথৈ যা। মই গুৱাহাটী গ'লে লৈ যাম।তাই আধা কাপোৰ উলিয়াই থৈ যায়।
ঘৰলৈ যোৱাৰ দিনা তাই মাংস অকন চ'কৰ পৰা লৈ যায়।নিজে ৰান্ধে।বেগৰ বেলেগ বেলেগ কাপোৰৰ ফাঁকৰ পৰা কাগজেৰে মেৰিওৱা মনে মনে লৈ যোৱা মিট্ মচলা, জিৰা, ধনিয়া উলিয়াই বুঢ়ীৰ ঘৰত বনোৱাদি মাংসকণ বনায়।
দাদাকে "দেচোন টকা এশ, তোক ঘূৰাই দিম"
ভায়েকে "বাই দেচোন ৰিচাৰ্জ কৰিম পঞ্চাশটকা এটা"
ওচৰতে পলাই বিয়া হোৱা বায়েকৰ জীয়েকে "দেচোন মাহী চ'কত চিপচ খাম বিশ টকা এটা"
মাকে "দেচোন বিষৰ মলম এটা আনিম…কঁকালটো পোনাব নোৱাৰোঁ"
তাইৰ বেগৰ কাপোৰৰ তলৰ পইচাকিটা বালিত পানী ঢলাৰ নিচিনা নিমিষতে নোহোৱা হৈ যায়।
পইচা শেষ হোৱাৰ পিছৰ কেইদিন ককায়েক ভায়েকে মদ খাই ৰাতি ৰাতি তাইৰ নিপেনৰ লগত হোৱা দুৰ্ঘটনাটোৰ কাৰনে সিহঁতে যে কিমান যে লাজ পাইছিল সেইবোৰ মনত পেলায়।তাইৰ নিচিনা ভনীয়েক জীয়াই থকাতকৈ মৰি থকাই ভাল বুলি যেতিয়া দালৈ কাটিবলৈ খেদে তাই পলাই গৈ বাৰীৰ কলগছৰ ফাঁকত লুকাই থাকেগৈ। শেষৰাতি মাকে কলগছৰ গুৰিৰ পৰা জগুৱাই ভিতৰলৈ লৈ আনেগৈ তাইক।তেনেকৈ দুদিনমান যোৱাৰ পাছত এদিন কাষৰ খুৰীয়েকৰ পৰা টকা পঞ্চাশটা ধাৰ কৰি গুৱাহাটীৰ বুঢ়ীৰ জীয়েকৰ ঘৰত থৈ আহেগৈ।
পুনৰ দুঘণ্টা ৰেলত উঠি বুঢ়ীৰ ঘৰ পায় তাই!
………………………
"বাবুলে বিয়া পাতিলে গম পাৱনে তই?"
হাঁহি হাঁহি তাইৰ লগত একেলগে বহা কাষৰ ৰীতাবৌৱে সুধিলে তাইক।
"হয়??"
চকুৰ অাগতে জন্ম হৈ ডাঙৰ হোৱা অাইজনীৰ তোলনীবিয়াৰ ৰসগোল্লাটো একেবাৰে সোৱাদহীন যেন লাগিল তাইৰ।কথাটো শুনাৰ পাছত লুচি তৰকাৰীবোৰো ভাল নালাগিল খাবলৈ।
গোটেই শাওণ মাহৰ সোমবাৰ বোৰত মাইনালৈ অনা গাখীৰ চান কাঢ়ি ব্ৰত ৰাখি ৰাখি শিৱলিংগত ঢালিছিলগৈ। তথাপি শিৱ সন্তুষ্ট ন'হল তাইৰ ওপৰত।
আগচোতালতে তিনিমহীয়া কেঁচুৱাকণক লৈ মামী ৰৈ আছিল।
"কিয় কান্দিছে মাইনাই মামী?"
নিজে দৰৱ খাওঁতে তাই ভবা নাছিল নিজৰ বুলি কেঁচুৱা এটা কেতিয়াও ন'হবগৈ বুলি।
সেইকাৰণে মাইনাকইজনীৰ
কান্দোন শুনিলে তাই গলি যায়।
"ঘৰত কাম নাই তোৰ? ক'ৰবাত যাবলৈ পালে চব পাহৰি থাক ? এক্কে চৰে……!"
তাইক কোনোবাই বকিব আৰু তাই মনে মনে থাকিব?
"হেই এইজনী যা ! নিজৰ চলিকিটা চম্ভালিব নোৱাৰ।সেইকাৰণে বুঢ়ীয়ে দেখিব নোৱাৰে তোক! বেৰিয়া দাঁতিনী! নাথাকো মই,থৈ আহিবি মোক ঘৰত। লোকৰ চলি চম্ভালি থাকিম নেকি সদায়?"
বুঢ়ীজনী ওলাই আহিল নিজৰ ৰূমৰ পৰা।কেঁচুৱাটো বোৱাৰীয়েকৰ পৰা লৈ পুনৰ নিজৰ ৰূমলৈ গ'ল।বুঢ়ীৰ কেঁচুৱালোৱা মানা আছে…হাতৰ বিষ ।গধুৰ বস্তু ডাঙিবলৈ মানা কৰিছে ডাক্টৰে।তথাপি তাই আৰু মামীয়েকৰ হুলস্থূল শুনিলে ল'ব লগা হয় ।
তাই বিয়া খাবলৈ যোৱা কাপোৰ সলাই থাকোতেই ভাইটীমামাৰ মটৰ চাইকেল অাহি ৰোৱাৰ শব্দ হ'ল। কেচুঁৱাটোৱে কান্দিয়েই আছে।
তাই গৈ কেচুঁৱাটো বুঢ়ীৰ কোলাৰ পৰা ল'লে। অকল মামাকৰ প্ৰতিয়েই ভয় ভাৱ অকণ আছে।পাছফালৰ বাৰান্দাত জোকাৰি জোকাৰি লওঁতেই শুই পৰিল অকমাণি পুতলাটো!
"ইমানকৈ জোকাৰি লৈছ কিয়? গোটেই গাখীৰকণ উলিয়াই দিব এতিয়া"
"মনে মনে থাক বুঢ়ী..."
ঠাচকৈ চৰ এটা পৰিল গালত তাইৰ।
"কাৰ লগত মুখ চলাৱ তই ইমান?
"যা যা…বুঢ়ীক বকিলে একো নকৱ, ঘৈণীয়েৰক বকিছোঁটো …****** মেখেলা পিন্ধা …সেইকাৰণে তোক…!"
মুখেদি গুলিৰ নিচিনা স্বভাৱবশত: ওলাই গ'ল কথাকেইটা!
কেঁচুৱাটো মামীয়েকে অাহি লৈ গ'ল তাইৰ কোলাৰ পৰা, যাওঁতে বকি বকি গ'ল
"বৰ মুখ হৈছে এইৰ…পাগলী কৰবাৰ!!"
আকৌ এটা চৰ পৰিল গালত।
"নামাৰিবি যা"
বুলি বুঢ়ীয়ে টানি নিজৰ ৰূমৰ ভিতৰলৈ লৈ গ'ল তাইক পুতেকৰ ওচৰৰ পৰা। তাতে ইনাই বিনাই গছৰ পাত সৰোৱালে তাই।
"নাথাকোঁ, মই নাথাকোঁ…থৈ আহ মোক কালি.."
…………………
পিছদিনা পুৱা
তাই উঠি নিজৰ বিচনাৰ আঁঠুৱাখন জাপি অাছিল।তাইৰ ৰূমৰ পৰ্দাখন ডাঙি বাহিৰৰ পৰাই ভাইটি মামাই ক'লে
"অ'ই ওলা…তোক থৈ আঁহোগৈ ঘৰত"। হামি এটা মাৰি শুনি থ'লে কথাকেইটা।
.
অলপ পাছত তাই বাহী বাচনবোৰ ধুই পাকঘৰলৈ বুলি দমকলৰ পাৰৰ পৰা আহি আছিল।আকৌ সন্মুখত মামা
"ওলালিনে? নোলাৱ কিয়?ট্ৰেইন আহিব এতিয়া"
থেকেচ্ মাৰি বাচনখিনি থ'লেহি তাই পাকঘৰত।অাকৌ ওলাই গ'ল।
এইবাৰ বাঢ়নীডাল লৈ ভাইটীমামাৰ অাগত থিয় হ'ল
"কিয়া যাম এ ? তোৰ কথামতে।চলিকিটা ডাঙৰ কৰি থৈহে যাম। হে হে হে…… তই কলিয়ে যাম না?
ঢেক্ ঢেক্ কৈ হাঁহি হাঁহি চোতালখন সাৰি হাত ধুই ডাঙৰ মাইনাৰ ওচৰ পালেগৈ
"মাইনা, অ' মাইনা উঠা।ইচকুল অাছে!"
সম্পূৰ্ণকৈ পঢ়ক »

অসহায় (কপিল দাস)


 প্লাবিতাৰ মেছেজটো চোৱাৰ লগে লগে মনটো সেমেকি উঠিল কৌশিকৰ ৷ তাইৰ দৰে সিও অসহায় ৷ বুকুখন বিষোৱা যেন অনুভৱ কৰিলে সি ৷ সহজতে হাৰ মানি যোৱা লৰা নহয় কৌশিক ৷ তথাপিও আজি নিজকে বহুত দূৰ্বল যেন লাগিছে তাৰ ৷ কোনেনো বিচাৰে নিজৰ সপোনবোৰ নিজে চিতাত তুলি দি ছাই কৰিবলৈ¿¿ সপোন আলফুলে গঢ়ি নিজ হাতে জ্বলাই দিৱ লগা হলে কিমান কষ্ট হয়, ভুক্তভোগী জনেহে ভালকৈ বুজি পায় ৷ হঠাতে তাৰ মনত কিবা এটা কথাই বাহ ললে ৷ কুটিল হাঁহি এটি মাৰিব খুজিও ৰৈ গ'ল সি ৷ লৰালৰিকৈ বাইকখন ষ্টাৰ্ট কৰি এক্সেলেটৰ পকালে সি ৷ বাইকখনৰ মিটাৰৰ কাটাই ৬০…৭০…৮০…৯০…ৰ ঘৰ পাৰ কৰি তীব্ৰ গতিত গৈ থাকিল …৷
************
প্লাবিতা ৷ কৌশিকৰ বাবে এটি মাথো নাম নহয় ৷ এটি সুখৰ ঠিকনা, এটি সপোন , এখন অন্য পৃথিৱী, যত বিচাৰি পায় সি জীয়াই থকাৰ অফুৰন্ত হেপাহঁ, সুখৰ ঠিকনাৰে ভৰা কিছু ভাললগা অনুভৱ ৷ আস্ শব্দৰে জানো বৰ্ণনা কৰিব পাৰিং প্লাবিতা কৌশিকৰ কাৰনে কি ৷ একেদৰে কৌশিকো প্লাবিতাৰ বাবে বিশেষ এজন, তাইৰ মনৰ কোঠাত সদায় জিলিকি থকা ৰাজকোঁৱৰ ৷
প্লাবিতা শিক্ষাবিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰত অধ্যয়নৰত ৷ হোষ্টেলত থাকে ৷ ঘৰ বৰপেটাত ৷ মাক দেউতাক আৰু দাদাকৰ সৈতে চাৰিজনীয়া সুখী পৰিয়াল ৷ দেউতাকজন হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক ৷ মাক মধ্যপ্ৰাথমিক বিদ্যালয় এখনৰ প্ৰধানশিক্ষয়িত্ৰী ৷ দাদাকজন শ্নাতক উত্তীৰ্ণ হৈ ৩বছৰ আগতেই ব্যৱসায়ত নামিছে ৷ কেনেকৈ ভাল ঘৰ এখনলৈ ছোৱালীজনী উলিয়াই দিব পাৰে মাক দেউতাকৰ সেইটোৱে চিন্তা৷প্লাবিতাক নজনোৱাকৈয়ে আলহী-অতিথিক তাইৰ বাবেউপযুক্ত দৰা চাবলৈ ইতিমধ্যে জনাই থৈছে ।
"বি.এইছ.মহাবিদ্যালয়ৰ বাকৰি৷ মেঘাছন্ন আকাশ ৷ কৃষ্ণচূড়া আৰুসোনাৰুবোৰ ৰঙা-হালধীয়াকৈ ফুলি জাতিষ্কাৰ হৈ পৰা এটা মনমোহা পৰিবেশ ৷ যেনবৰ্ষাৰাণীকপ্ৰকৃতিলৈ আদৰিবলৈ কৰা মহা আয়োজনহে ৷"
আজি কৌশিকহঁতৰ স্নাতক ১ম ষান্মাসিকৰ প্ৰথমটো ক্লাচ ৷ বেচৰকাৰী মহাবিদ্যালয় এখনৰ পৰা প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিজ্য মণ্ডিত বি. এইচ. কলেজখনত নামভৰ্তি কৰিছে ৷ মনটো উগুল থুগুল যদিও কলেজখনত আজি প্ৰথম হিচাপে অলপ অসস্তি অনুভৱ কৰিব ধৰিলে সি ৷ অটোখনৰ পৰা নামিবৰ সময়তহে মনত পৰিল লৰালৰিতে ছাতিটো পাহৰি আহিছে সি ৷ কলেজলৈ ওলাবৰ সময়ত বৰষুণ নাছিলেই ৷ ছেহ্ ৷ অট'ৰ ভাড়াটো দি সি দৌৰ দিলে কলেজখনলৈ ৷ইতিমধ্য দেহৰ কিছু অংশ তিতি গৈছিল তাৰ ৷ দৌৰি গৈ ওচৰতে পোৱা বাৰান্দাখনত উঠিলে সি ৷ কিন্তু গন্দোগোলটো তাতেই ঘটিল ৷ দৌৰৰ কন্ট'ল ৰাখিব নোৱাৰি সি মৃদু ভাবে খুন্দা খালে এজনী ছোৱালীৰ লগত ৷ দোষী দোষী ভাৱেৰে ছোৱালীজনীলৈ ছাই পঠিয়ালে সি ৷ বৰষুণত সমান্যভাৱে তিতা চুলিকোছাৰে যিকোনো যুৱকৰে প্ৰথম দেখাতে ভাললাগি যাব পৰা এজনী দিপলীপ ছোৱালী ৷ শুভ্ৰ মুখখনৰ ওঁঠৰ কাষতে এটি তিল,তাতেই মুকুতাৰ দৰে বিৰিঙি উঠা বৰষুণৰ জয়াল টোপাল ৷ চুৰিদাৰযোৰ তিতি উজ্জল হৈ পৰা উঠন বুকু ৷ আস্, তুলনাবিহীন তাইৰ সৌন্দৰ্য ৷যেন সৰগৰ পৰাহে নামি আহিছে কোনোবা অপেশ্বৰী ৷ নভৱাকৈয়ে তাৰ মুখৰ পৰা sorry জাতীয় শব্দ এটা ওলাই আহিল ৷ ছোৱালীজনীয়েও হয়তো তাৰ অৱস্থাটোৰ কথা বুজি এটি হাঁহিৰে its ok বুলি কলে ৷
কৌশিকহঁতৰ ক্লাচ আৰম্ভ হোৱাৰ এসপ্তাহ হ'ল ৷ প্ৰথমৰ পৰাই গুৰুত্ব দিলে পঢ়াত সি ৷ কলেজখনত গৈয়ে ভালেকেইগৰাকী বন্ধু-বান্ধৱীৰ লগত চিনাকী হ'ল যদিও, মৌপ্ৰাণ, ভৱেশ, নয়ন, কল্যাণ নামৰ ক্লাচমেট কেইজন মান
তাৰ ভাল বন্ধু হৈ পৰিল ৷
:অই লাইব্ৰেৰীলৈ যাওঁ আহচোন, College Zoology কিতাপ খন লৈ আহো ?—কৌশিকে মৌপ্ৰাণহঁতক উদ্দেশ্যি কলে ৷
:মোৰো কিতাপ এখন আনিব আছে ৷—মৌপ্ৰাণে কলে ৷
:নয়ন আৰু মই তহতঁক কেন্টিনত wait কৰিম, মৌপ্ৰাণ আৰু তই যাগৈ ৷—ভৱেশে মাত লগালে ৷
:ছোৱালী এজনীৰ প্ৰেমত পৰিছ যে, পাৰ্টিটো তয়েই দিবি আজি কেন্টিনত ৷—নয়নে কৌশিকৰ ফালে চাই কলে ৷ মৌপ্ৰাণ আৰু ভৱেশেও নয়নৰ কথাত হয়ভৰ দিলে ৷ ইতিমধ্যে কৌশিকে প্ৰথম ক্লাচৰ দিনা লগপোৱা ছোৱালীজনীৰ কথা সিহঁতক কৈছিল আৰু সিহঁতেও তাক ছোৱালীজনীৰ কথা কৈ জোকোৱা আৰম্ভ কৰিছিল ৷
:হ'ব হ'ব, প্ৰথমে পতাই ল'ব দে, পাৰ্টি পাই যাবি ৷—কৌশিকে কথাষাৰ কৈ মৌপ্ৰাণৰ লগত লাইব্ৰেৰীলৈ ওলাই আহিছিল ৷
লাইব্ৰেৰীৰ পৰা দুয়োজনে কিতাপ দুখন লৈ ওলাৱ খোজতেই পিছপিনৰ পৰা নাৰী কন্ঠ এটি ভাহি আহিল—
:হেই, এক্সকিউজ মি ?
কৌশিকে উভতি চাই দেখিলে প্ৰথম ক্লাচৰ দিনা লগ পেৱা ছোৱালীজনী ৷ সি ছোৱালীজনীক দেখা পাই কিছু ইতস্ততবোধ কৰিল যদিও তাক মতা দেখি সি আগুৱাই গ'ল ৷ সি যিমানপাৰে সহজহোৱাৰ চেষ্টা কৰি মাত লগালে—
:হয় ৷ কেনেদৰে সহায় কৰিব পাৰো?
:মই কলমটো ক্লাচতে পাহৰি আহিলো ৷ লাইব্ৰেৰীকাৰ্ডখন চহী এটি কৰিব আপোনাৰ কলমটো দিবনে?
:অহ নিশ্চয় ৷—এইবুলি কৌশিকে পকেটৰ পৰা কলমটো উলিয়াই দিলে ৷ মৌপ্ৰাণেও সিহঁতৰ পৰা কিছু আঁতৰত ঠিয় হৈ কোশিকক ইংগিতেৰে ছোৱালীজনীৰ লগত কথা পাতিবলৈ উৎসাহ দি থাকিল ৷
:থেংক ইউ ৷—বুলি ছোৱালীজনীয়ে তাক কলমটো ঘুৰাই দিলে ৷
:ৱেলকাম ৷ পিছে মোক চিনিব পাৰিছানে ?
:অ' প্ৰথম ক্লাচৰ দিনাখন যে লগ পাইছিলো আপোনাক ৷হাঁহি হাঁহি ক'লে তাই ৷
:হে হে ৷ লাজকুৰীয়া হাঁহি এটা মাৰিলে সি পুনৰ সুধিলে—
:তোমাক দুদিনে লগপালো পিচে এতিয়ালৈকে নামটোও নাজানো?
:অ' মোৰ নাম প্লাবিতা…প্লাবিতা বৰুৱা ৷ অাপোনাৰ?
:কৌশিক শইকীয়া ৷ এইবাৰ স্নাতক প্ৰথম ষান্মাসিকত নহয় জানো? ?
:হয়, স্নাতক ১ম ষান্মাসিক ৷ অাপুনি??
:মইওঁ স্নাতক ১ম ষান্মাসিক ৷ মেজৰ কোন বিষয়ত??
:শিক্ষাত ৷ আপোনাৰ??
:প্ৰাণীবিজ্ঞানত
:ঠিক অাছে ৷ লগ পাম পিছত ৷
:ok, bye
কলেজৰ ঘন্টা বজাৰ লগে লগে তাই গুছি গৈছিল ক্লাছলৈ ৷ ৷ঠিক সেয়াই চিনাকী ৷ মৌপ্ৰাণক লগত লৈ সি উভতি আহিছিল কেন্টিনলৈ ৷ মৌপ্ৰাণহতে বৰকৈ জোকাইছিল তাক ৷ সিদিনা কেন্টিনৰ বিল সিয়েই দিছিল ৷ বাকী ক্লাচ কেইটাত সি মন বহুৱাব পৰা নাছিল ৷ প্লাৱিতাৰ মৰমলগা মুখখনে বৰকৈ আমনি কৰা হৈছিল ৷ তিনিমাহ মানৰ ভিতৰত কৌশিক প্লাৱিতাৰ ভাল বন্ধুত পৰিনত হৈছিল ৷ কৌশিক তাইৰ প্ৰেমত পৰা বুলি ইতিমধ্যে গম পাইছিল তাই ৷ তাইওঁ ছাগে তাৰ প্ৰতি কিছু দূৰ্বল অনুভৱ কৰিছিল ৷ কবলৈ গ'লে তাই তাৰ ব্যক্তিত্ব আৰু মুখত সঘনে থকা হাঁহিটোৰ প্ৰেমত পৰি গৈছিল তাই ৷ কলেজত থকা সময়খিনিত ইটোৱে সিটোক এবাৰ হ'লেও দেখা পাবলৈ উত্ৰাৱল হৈছিল দুয়ো ৷ ঠিক সেই কেইদিন মানৰ ভিতৰতে কলেজখনত নতুনকৈ নিৰ্মাণ কৰা ইনড'ৰ ষ্টেডিয়াম এখন উদ্বোধ্বন কৰিবলৈ কলেজ কতৃপক্ষই বিশ্ববিখ্যাত বক্সাৰ 'মেৰী ক'ম'ক নিমন্ত্ৰণ জনাইছিল ৷ অনানহয় ছাত্ৰ-ছাত্ৰীৰ লগতে প্লাৱিতা-কৌশিকহঁতৰ মনতো যঠেষ্ট আনন্দৰ বা বলিছিল ৷ নিৰ্দিষ্ট দিনটোত মেৰী ক'ম আহি উপস্থিত হৈছিল কলেজখনত ৷ কলেজ কতৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে উষ্ম অাদৰণি জনাইছিল বিশ্ববিখ্যাত বক্সাৰগৰাকীক ৷ অটোগ্ৰাফ লোৱাৰ লগতে ফটো একপি উঠিবলৈ হেতাঁওপৰা লগাইছিল অনুৰাগী ছাত্ৰ-ছাত্ৰীসকলে ৷ প্লাৱিতাও ইয়াৰ ব্যতিক্ৰম নাছিল ৷ বক্সাৰ গৰাকীৰ কাষত থিয় হৈ ফটো একপি উঠিবলৈ তাই কেমেৰাটো কৌশিকৰ হাতত দিছিল ৷ কৌশিকেওঁ সুন্দৰকৈ কেইখন মান ফটো তুলিছিল ৷ যথা সময়ত বক্সাৰগৰাকীয়ে বিদায় লৈছিল ৷আহিবৰ সময়ত কেমেৰাটো নিবলৈ প্লাবিতাই কৌশিকক লগ ধৰিছিল ৷ সময়ৰ সদব্যৱহাৰ কৰি সি ইমান দিনে কম কম বুলি মনতে সাঁচি ৰখা কথাষাৰ ভয় ভয়কৈ তাইক কৈ দিছিল ৷
:"মই তোমাক ভালপাই পেলাইছো প্লাৱিতা…"
:…৷
লাজত ৰঙাচিঙা হৈ পৰিছিল তাই৷ একো উত্তৰ নিদিয়াকৈ কেমেৰাটো তাৰ হাতৰ পৰা লৈ গুছি গৈছিল তাই ৷তাৰ সৎ সাহসত বৰকৈ আপ্লুত হৈছিল তাই ৷ দুদিনৰ অন্তত মেছেজ এটাৰে জনাই দিছিল তাই তাৰ প্ৰতি থকা অজস্ৰ ভালপোৱাৰ কথা ৷ আনন্দত আত্মহাৰা হৈ পৰিছিল কৌশিক ৷ এনেদৰে এমাহ-দুমাহকৈ তিনিটি বছৰ কেনেদৰে পাৰ হৈ গৈছিল সিহঁতে উমানেই পোৱা নাছিল ৷ কলেজত ইজনে সিজনৰ উপস্থিতিত পাৰ কৰা এই তিনিটা বছৰ মাত্ৰ তিনি মাহ যেন লাগিছিল সিহঁতৰ ৷ এনেদৰে দুখ মনেৰে এদিন বিদায় দিছিল বহু স্মৃতি বান্ধি ৰখা কলেজখনক ৷
যথাসময়ত পৰীক্ষাৰ ফলাফল ওলাইছিল , কৌশিক প্লাৱিতা আদিৰ লগতে মৌপ্ৰাণ, নয়ন কল্যাণ, ভৱেশহঁতেও প্ৰথম শ্ৰেনীত উত্তীৰ্ণ হৈছিল ৷ সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতি দি প্লাৱিতা কৌশিকক এৰি পঢ়িবলৈ গুছি গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ ৷ আৰ্থিক দুৰবস্থাৰ বাবেই কৌশিকে বিশ্ববিদ্যালয়ত পঢ়া সপোন আধাতে সামৰিব লগা হৈছিল ৷ তথাপিওঁ কৌশিক ভাগি পৰা নাছিল ৷ প্লাৱিতাৰ দ্বাৰাই সি তাৰ সপোনবোৰ চাই আত্মসন্তুষ্টি লভিছিল আৰু তাইক যথেষ্ট উৎসাহ দিছিল তাইৰ সপোনবোৰ পূৰণৰ ক্ষেত্ৰত ৷ এনেদৰে ফোনেৰে প্ৰায়েই যোগাযোগ ৰাখিছিল দুয়োটাই ৷ সি তাৰ যোগ্যৰ চাকৰি বিচাৰিছিল যদিওঁ উৎকোচ দিৱ নোৱাৰাৰ বাবে সেইটো হেৰুৱাইছিল ৷ এনেদৰে সকলো ঠিকেই চলি আছিল সিহঁতৰ ৷ কিন্তু…৷ কিন্তু হঠাতে এদিন প্লাৱিতাৰ মেছেজ এটা পোৱাৰ লগে লগে কৌশিক পাগলৰ দৰে হৈ গৈছিল——
"মোক চাৱলৈ মামাহঁতৰ চহৰৰ লৰা এটা আহিব,মেকানিকেল ইঞ্জিনিয়াৰ, গুৱাহাটীত চাকৰি কৰে, মায়ে কোৱামতে বিয়াখন সোনকালেই হ'ৱ বোলে ৷ তুমি কি কৰিবা? তোমাৰ হাতত সৰুসুৰা হ'লেও চাকৰি এটি থাকিলে মই ঘৰত ক'ৱ পাৰিলোহেতেঁন আমাৰ বিয়াৰ কথা ৷এতিয়া মই কলেও মানি নলব ঘৰত আৰু কেঁচুৱাৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰা মা দেউতাহঁতৰ বা ঘৰখনৰ কথা কেনেকৈ পেলাওঁ কোৱা ?কিবা এটা কৰা না সোন ৷"


সম্পূৰ্ণকৈ পঢ়ক »