ধনী মানুহৰ চহৰ (দীপাঙ্কৰ মল্ল বৰুৱা)

 ২০০৩ চনৰ কথা। নিউ ইয়ৰ্ক চহৰ। বিশ্বৰ আটাইতকৈ ধনী মানুহবোৰ থকা চহৰ। মোৰ লগত আছিল প্ৰশিক্ষণ এটাত একেলগে যোৱা একে বিভাগৰে এজন সহকৰ্মী দাদা। দুয়ো ফুটপাথেৰে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। টেক্সী লোৱাতকৈ খোজকাঢ়ি পইচা বচোৱাৰ লগতে নিউ ইয়ৰ্কৰ ফুটপাথৰ আনন্দ লৈছোঁ। ওখ ওখ ঘৰবোৰ ডিঙি বেকা কৰি কৰি চাইছোঁ। চিনেমাত বহুত বাৰ নিউ ইয়ৰ্কৰ ৰাষ্টাৰ দৃশ্য দেখিছোঁ। কিন্তু নিজ চকুৰে চোৱাৰ আমেজেই বেলেগ।
প্ৰতিটো ৰাস্তাৰে একোটা নম্বৰ। কোনোবা এখন ঠাইৰ ঠিকনা ৰাস্তাৰ নম্বৰেৰে হে কয়। এম্পায়াৰ ষ্টেট বিল্ডিং ক’ত বুলি সুধিলে ক’ব, ‘ৱেষ্ট ৩৪ নং ৰাস্তাত ফিফথ এভিনিউ ক্ৰছিঙত আছে’। এতিয়া ৱেষ্ট ৩৪ নং ৰাষ্টা ক’ত, ফিফট এভিনিউ ক্ৰছিং কেনেকৈ উলিয়াম, এদিনীয়া মানুহৰ কাৰণে অলপ অসুবিধা। হাতত মেপ এখন আছিল যদিও সৰলৰেখাৰ দৰে ৰাষ্টাবোৰ কোনটো কেনি গৈছে, আমি কোন ঠাইত আছোঁ বুজিবলৈ সমস্যা। তাতে বন্ধু এজনে আমাক সকীয়াই থৈছিল, নিউ ইয়ৰ্ক চহৰত যাকে তাকে ঠিকনা সোধাতো কেতিয়াবা বিপদ জনক হ’ব পাৰে। সেয়েহে পৰা পক্ষত কাকো একো নোসোধাকৈ ঘুৰ্মুটিয়াই ফুৰিছোঁ।
ইফালে সিফালে ঘূৰি ফুৰোঁতে এসময়ত আমাৰ উভতি অহাৰ বাট বিচাৰি হাবাথুৰি খাব লগীয়া হ’ল। আমি এক নিৰ্দিষ্ট সময়ত এঠাইত ৰৈ থকা বাছ এখন ধৰিবগৈ লাগে। ইফালে ঘূৰিলে একে ধৰণৰ ঘৰ, সিফালে ঘূৰিলেও একে ধৰণৰ ঘৰ। আমি বিপাঙত পৰিলোঁ। উপায় নাপাই মানুহ এজনৰ ওচৰ চাপিলোঁ।
মানুহজনে আমালৈ পেন্দোৱাকৈ চালে। আমি যেন নকৰিবলগীয়া কাম এটাহে কৰিলোঁ। ক’লা ছালৰ প্ৰকাণ্ড মানুহজনে সুধিয়েই দিলে, “ইণ্ডিয়ান? হোৱাট আৰ ইউ ডুয়িং ইন নিউ ইয়ৰ্ক চিটী”?
তেওঁৰ কথাৰ সুৰত এনে লাগিল যেন আমি দুখীয়া ইণ্ডিয়ান কেইটাই তেওঁলোক ধনী মানুহৰ চহৰত ঘূৰি ফুৰাটো তেওঁৰ সহ্য হোৱা নাই।
সেমেনা সেমেনিকৈ আমাৰ সমস্যাৰ কথা ক’লোঁ। মানুহজনে আমাক উভতি যোৱাৰ পথ বুজাই দিলে। বৰ ভাল মানুহ যেন লাগিল। আমি তেওঁক থেংক ইউ – চেংক ইউ দি যাবলৈ ওলাইছোঁহে, তেনেতে তেওঁ চিঞৰি উঠিল, ‘হেই ৱেইট এ মিনিট’।
কথাৰ সুৰটো বিনা টিকটত চিনেমা চাবলৈ সোমাব বিচাৰোঁতে গেট কিপাৰে পিলিঙা ল’ৰাক কোৱা ‘ঐ পইচা নিদিয়াকৈ ক’লৈ যাবলৈ ওলাইছ’ ধৰণৰ লাগিল।
“গিভ মি এ ডলাৰ” মানুহ জনে তেওঁৰ সোঁহাতখন আগবঢ়াই দিলে।
থোতা মোজা লগাৰ দৰে ক’লোঁ, ‘ডলাৰ….ফৰ হোৱাট’?
মানুহজনে আমাক তেওঁৰ কৰ্কশ মাতেৰে বুজাই দিলে, “বিনা পইচাত এই চহৰত একো নাপায়। মই তোমাক সহায় কৰিলোঁ, সেই সহায়ৰ দাম হ’ল এক ডলাৰ”, মানুহ জনে এনে সুৰত ক’লে যেন তেওঁৰ দোকানৰ পৰা বস্তু এটা আমি পইচা নিদিয়াকৈ লৈ যাবলৈ ওলাইছিলোঁ।
ছফুট মান ওখ দেখিলেই ভয় লগা সেই মানুহ জনৰ লগত তৰ্ক কৰাৰ সাহস আমাৰ নাছিল। জেপৰ পৰা ডলাৰ এটা উলিয়াই দি দিলোঁ। বগা দাঁত কেইটা উলিয়াই হাঁহি এটা মাৰি ‘থেংক ইউ’ বুলি ক’লে। যাওঁতে কৈ গ’ল “ওৱান ডে’ আই উইল কাম টু ইণ্ডিয়া”।
ক’বলৈ মন গৈছিল, ইণ্ডিয়ালৈ আহিলে তোমাৰো যদি কোনোবাদিনা বাট হেৰায়, আমি পিছে বাট দেখুওৱাৰ বাবে এইদৰে পইচা নিবিচাৰোঁ। আমি ইমানো দুখীয়া নহয়। ধনী মানুহৰ চহৰ নিউ ইয়ৰ্কত তোমাৰ দৰে দুখীয়া এজনক এইদৰে সহায় কৰিবলৈ পাই আমি ধন্য হ'লোঁ।