জীৱনৰ ৰং (নিতু মাজুমেলীয়া)
মনৰ উলাহতে বস্তুবোৰ সামৰি সুতৰি ললে প্ৰতীমে। আজি তিনি বছৰৰ অন্তত সি ঘৰলৈ
যাব। মাক,দেউতাক আৰু একমাত্ৰ ভনীয়েক স্নেহাক লগ পাব, তাকে ভাবি আজি তাৰ
গা সাত খন আঠ খন। ঘৰৰ সকলোৰে মৰমৰ আছিল সি । সিহঁতৰ চাৰিজনীয়া পৰিয়ালটো
যথেষ্ট সুখত চলিছিল। এক কথাত ক'বলৈ গলে- সৰু পৰিয়াল সুখী পৰিয়াল। সকলোবোৰ
বস্তু বেগত ভৰাই ল'লে নে নাই এবাৰ চকু ফুৰাই ল'লে সি। মাকৰ কাৰণে
চাদৰ-মেখেলা এযোৰ, দেউতাকৰ কাৰণে চুৰিয়া চোলা আৰু ভনীয়েকৰ বাবে এটা সৰু
ফুটুকীয়া ফ্ৰক আৰু যে কত কি কিনি লৈছে। সিহঁতলৈ বুলি কিমান যে হেঁপাহত
কিনি লৈছে বস্তুবোৰ।
দেউতাক দামোদৰৰ অক্লান্ত শ্ৰমৰ ফলতেই পৰিয়ালটো দুখত পৰিব লগা হোৱা নাছিল কোনো দিন। যদিও কেতিয়াবা সিহঁতৰ অভাৱ মূৰ তুলি উঠিছিল, মাক মেঘালীৰ তৎপৰতাত দুখত ভাগি পৰা নাছিল সিহঁতৰ পৰিয়ালটো । মাকে শিকাইছিল সিহঁতক অভাব অনুভৱৰ পৰা দুখবোৰ কেনেদৰে সৃষ্টি হয়, কেনেদৰে আঁতৰি যায় মৰম স্নেহ, হেৰাই যায় আন্তৰিকতা । কেনেদৰে চিঁৰাল ফাট মেলে সুখৰ দলিচাঁত। জোন গলা জোনাকত একুলা দুকুলাকৈ ডাঙৰ হৈছিল সিহঁত দুয়োটা ৷
এটা সময়ত সি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভালদৰেই উত্তীৰ্ণ হয়। ভনীয়েক স্নেহা তেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী ৷ তেনে সময়তে ঘটিছিল ঘটনাটো। এদিন দেউতাকে পথাৰৰ কাম কৰি থকা অৱস্থাতে হঠাৎ মূৰ ঘূৰাই ঢলি পৰিছিল পথাৰতে। ওচৰতে কাম কৰি থকা নন্দ খুড়াই নেদেখা হ'লে হয়টো নভবা ঘটনা এটি ঘটি গ'লহেঁতেন । খবৰটো পাই হুৱাদুৱা লাগিছিল ঘৰখনত। লগে লগেই তাৰ দেউতাকক মৃত্যুঞ্জয়ত লৈ যোৱা হৈছিল ডিব্ৰুগড়ত স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ।
ডাক্তৰে চাই চিতি বেজি দুটামান দিছিল যদিও ইতিমধ্যে বহুত পলম হৈ গৈছিল ।
দেউতাকৰ শৰীৰৰ সোঁ ফালটোৱে বিকল হৈ পৰিল। সেই তেতিয়াৰে পৰা আজিলৈকে দেউতাক
শয্যাশায়ী। আৰু তেতিয়াৰে পৰাই ঘৰখন চলোৱাৰ সম্পূৰ্ণ ভাৰ প্ৰতীমে মূৰপাতি
ল'ব লগা হ'ল । ঘৰখন চলোৱাৰ লগতে দেউতাকৰ দৰৱ পাতিৰ খৰচ আৰু ভনীয়েকৰ পঢ়াৰ
খৰচো সিয়ে উলিয়াব লগা হ'ল।
নিয়তিৰ নিষ্ঠুৰ খেলাই অভাৱ অনুভৱ কৰিবলৈ বাধ্য কৰাইছিল সিহঁতৰ পৰিয়ালটোক। আৰ্থিক দৈন্যতা পূৰ কৰিবলৈয়ে ঘৰৰ মাটি দুবিঘা বন্ধকত থৈ গুৱাহাটী মহানগৰীত কাম বিচাৰি যাবলৈ থিৰাং কৰিছিল । শয্যাশায়ী দেউতাকৰ ভৰি চুই আৰ্শীবাদ বুটলি লৈ সি ওলাই গৈছিল সিদিনা। দেউতাকৰ দুচকুয়েদি নিৰৱে চকুলো বৈছিল। মাত ফুটাই এটা শব্দও ক'ব পৰা নাছিল প্ৰতীমক। জীৱনত প্ৰথমবাৰৰ বাবে দেউতাকৰ চকুত চকুলো দেখি বুকুৱেদি এটা বুজাব নোৱাৰা তৰংগ পাৰ হৈ গৈছিল। সি যাবলৈ ওলোৱা দেখি মাক আৰু ভনীয়েক উচুপি উঠিছিল সেইদিনা। মনত অজুত সপোন লৈ দুখবোৰ সামৰি সুতৰি বান্ধি লৈছিল বুকুত। সেইদিনাৰ কথা মনত পৰিলে এতিয়াও তাৰ চকুৱেদি নামি আহে অশ্ৰুৰ নিজৰা… ।
গুৱাহাটী পাইয়ে প্ৰথমে সি চাকৰি এটা যোগাৰ কৰিব পাৰি নেকি তাৰেই চেষ্টা কৰিছিল। কিন্তু সি বিফল হৈছিল। শয্যাশায়ী দেউতাকৰ সৰলচিতিয়া মুখ খনত দুগালে দি বৈ যোৱা চকুলোৰ দৃশ্য মনত পৰি বুকু কঁপি উঠিছিল তাৰ। অভাৱক কেতিয়াও অভাৱ বুলি নাভাবিলৈ শিকোৱা মাকৰ মুখ খন আৰু ভনীয়েকৰ শিক্ষা জীৱনত সাৰ পানীৰ যোগান ধৰাৰ একমাত্ৰ মুখীয়াল সি। সেয়ে ঘৰলৈ উভতি যোৱাৰ পথও বিচাৰি নাপালে। অৱশেষত যোগাৰ কৰি লৈছিল এটা সৰু কাম। এখন গেলা মালৰ দোকানত কাম পাইছিল সি ৷ কামটো বহুত কষ্টকৰ আছিল যদিওঁ ঘৰখন চলোৱাৰ তাগিদাত কৰিবলৈ লৈছিল। শিক্ষিত হৈও সি কামটো কৰিবলৈ কিন্তু অলপো সংকোচ কৰা নাছিল। লাজ মান কাটি কৰি থৈ সি যি কৰিছিল মন দি কৰাৰ লগতে ধৈৰ্য্য ধৰি হাঁহি মূখে কৰিছিল।। সদায় থেলা থেলি বস্তুবোৰ অনা নিয়া কৰিব লগা হৈছিল এখন দোকানৰ পৰা আন এখন দোকানলৈ। এসাজ খাই এসাজ নাখাই হ'লেও সি পইচা সাঁছি ৰাখিছিল মাহেকৰ মুৰত ঘৰলৈ পঠিয়াবলৈ। যদিও সি তেনে কাম কৰি আছিল ঘৰত কিন্তু জানিবলৈ দিয়া নাছিল। সৰু কোম্পেনী এটাত চাকৰি পোৱা বুলিহে ঘৰত জানিবলৈ দিছিল। প্ৰায় এবছৰে সি বহুত কষ্টত ঘৰলৈ পইছা পঠিয়াই আছিল। হয়টো ভগৱানৰ দয়া উপজিল সিহঁতৰ ঘৰখনলৈ। ঘৰৰ ওচৰতে এটা অংগণবাড়ী কেন্দ্ৰ খোলাত শিক্ষিত মেঘালীকে কেন্দ্ৰটো চলোৱাৰ দায়িত্বভাৰ দিছিল গাঁওৰ ৰাইজে। খবৰটো পাই দীঘলকৈ উশাহ এটা লৈছিল প্ৰতীমে। অন্তত: আজিৰ পৰা সি লঘোনে থাকিব লগা নহয়।
মাকৰ চাকৰিটোৱে যথেষ্ট সকাহ দিছিল তাক। ঘৰলৈ কম পৰিমানৰ পইছা পঠিয়ালেও বিশেষ অসুবিধা নহয় এতিয়া। সেয়ে ভাবি সি কামৰ মাজতে সময় উলিয়াই এবছৰীয়া কম্পিউটাৰ ক'ৰ্চ এটাৰ কাৰণে নামভৰ্ত্তি কৰাই ল'লে। যথেষ্ট কষ্ট কৰি সময় উলিয়াই কম্পিউটাৰ শিক্ষাত মন দিবলৈ ল'লে।
লাহে লাহে কম্পিউটাৰৰ প্ৰতি তাৰ দুৰ্ৱলতা বাঢ়ি আহিল,মন প্ৰাণ ঢালি কম্পিউটাৰ শিকিলে। মৰণক হৰণ দি সমান্তৰালভাবে দুয়োটা কাম চলাই গ'ল। ফলত বছৰৰ অন্তত ভাল ৰিজাল্ট লৈ কম্পিউটাৰ শিক্ষা শেষ কৰিলে। কম্পিউটাৰ শিক্ষাই যেন তাৰ জীৱনটো পুনৰ ৰঙীন কৰি তুলিলে। ভাল ৰিজাল্ট লৈ উত্তীৰ্ণ হোৱাত তাক কম্পিউটাৰ শিক্ষকজনেই এটা কোম্পেনীত চাকৰিৰ যোগাৰ কৰি দিছিল। মাহিলি ১০ হাজাৰ টকা দৰমহাৰে সি এতিয়া খুব ব্যস্ত অফিচৰ কামত।
অনবৰতে হাঁহি মুখে থকা সহজ সৰল অমায়িক প্ৰতীম সকলোৰে মৰমৰ হৈ পৰিল। খুব কম দিনৰ ভিতৰতে সকলোৰে বিশ্বাসী হৈ পৰা প্ৰতীমে নিখুত ভাৱে উপলব্ধি কৰে এই সাফল্যৰ আঁৰত যে তাৰ অক্লান্ত শ্ৰম আৰু মাক দেউতাকৰ আৰ্শীবাদ জড়িত। ধৈৰ্য্য ধৰি সমস্যা সমাধান কৰিব বিচৰা কৰ্মপটু প্ৰতীম আজি কোম্পেনীৰ মালিক আদিত্যৰ অতি বিশ্বাসী। তাক মাত্ৰ ২০ দিনৰ কাৰণেহে ছুটি দিছে। ৩ বছৰ ক'ত আৰু ২০ দিন ক'ত। উপাই নাই কোম্পেনীৰ চাকৰি। ঘৰত গৈ কৰিব লগা কাম বহুতেই আছে তাৰ। দেউতাকক উচ্চ চিকিৎসাৰ কাৰণে অসমৰ বাহিৰলৈ নিব,মাক ভনীয়েকৰ মুখত হাঁহি বিৰিঙাব আৰু যে কত কি ভাৱনা তাৰ।
অতীতৰ কথাবোৰ ভাৱি থাকোতে কেতিয়ানো তাৰ টোপনি আহিল গমেই নাপালে সি। হঠাৎ এলাৰ্মটো বাজি উঠাত সাৰ পাই উঠি বহিল। সন্ধিয়া হ'বৰে হ'ল। সাত বজাত ৰে'ল আছে। মুখ হাত ধূই অলপ ফ্ৰেছ হৈ ল'লে সি । সন্ধিয়া ৬:৩০ বজাত ওলাই গ'ল ষ্টেচনলৈ,তেতিয় ালৈ তাৰ বুকুত বাজি থাকিল অজুত হেপাঁহৰ হেন্দোলনি…! ।
দেউতাক দামোদৰৰ অক্লান্ত শ্ৰমৰ ফলতেই পৰিয়ালটো দুখত পৰিব লগা হোৱা নাছিল কোনো দিন। যদিও কেতিয়াবা সিহঁতৰ অভাৱ মূৰ তুলি উঠিছিল, মাক মেঘালীৰ তৎপৰতাত দুখত ভাগি পৰা নাছিল সিহঁতৰ পৰিয়ালটো । মাকে শিকাইছিল সিহঁতক অভাব অনুভৱৰ পৰা দুখবোৰ কেনেদৰে সৃষ্টি হয়, কেনেদৰে আঁতৰি যায় মৰম স্নেহ, হেৰাই যায় আন্তৰিকতা । কেনেদৰে চিঁৰাল ফাট মেলে সুখৰ দলিচাঁত। জোন গলা জোনাকত একুলা দুকুলাকৈ ডাঙৰ হৈছিল সিহঁত দুয়োটা ৷
এটা সময়ত সি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভালদৰেই উত্তীৰ্ণ হয়। ভনীয়েক স্নেহা তেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী ৷ তেনে সময়তে ঘটিছিল ঘটনাটো। এদিন দেউতাকে পথাৰৰ কাম কৰি থকা অৱস্থাতে হঠাৎ মূৰ ঘূৰাই ঢলি পৰিছিল পথাৰতে। ওচৰতে কাম কৰি থকা নন্দ খুড়াই নেদেখা হ'লে হয়টো নভবা ঘটনা এটি ঘটি গ'লহেঁতেন । খবৰটো পাই হুৱাদুৱা লাগিছিল ঘৰখনত। লগে লগেই তাৰ দেউতাকক মৃত্যুঞ্জয়ত লৈ যোৱা হৈছিল ডিব্ৰুগড়ত স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ।
নিয়তিৰ নিষ্ঠুৰ খেলাই অভাৱ অনুভৱ কৰিবলৈ বাধ্য কৰাইছিল সিহঁতৰ পৰিয়ালটোক। আৰ্থিক দৈন্যতা পূৰ কৰিবলৈয়ে ঘৰৰ মাটি দুবিঘা বন্ধকত থৈ গুৱাহাটী মহানগৰীত কাম বিচাৰি যাবলৈ থিৰাং কৰিছিল । শয্যাশায়ী দেউতাকৰ ভৰি চুই আৰ্শীবাদ বুটলি লৈ সি ওলাই গৈছিল সিদিনা। দেউতাকৰ দুচকুয়েদি নিৰৱে চকুলো বৈছিল। মাত ফুটাই এটা শব্দও ক'ব পৰা নাছিল প্ৰতীমক। জীৱনত প্ৰথমবাৰৰ বাবে দেউতাকৰ চকুত চকুলো দেখি বুকুৱেদি এটা বুজাব নোৱাৰা তৰংগ পাৰ হৈ গৈছিল। সি যাবলৈ ওলোৱা দেখি মাক আৰু ভনীয়েক উচুপি উঠিছিল সেইদিনা। মনত অজুত সপোন লৈ দুখবোৰ সামৰি সুতৰি বান্ধি লৈছিল বুকুত। সেইদিনাৰ কথা মনত পৰিলে এতিয়াও তাৰ চকুৱেদি নামি আহে অশ্ৰুৰ নিজৰা… ।
গুৱাহাটী পাইয়ে প্ৰথমে সি চাকৰি এটা যোগাৰ কৰিব পাৰি নেকি তাৰেই চেষ্টা কৰিছিল। কিন্তু সি বিফল হৈছিল। শয্যাশায়ী দেউতাকৰ সৰলচিতিয়া মুখ খনত দুগালে দি বৈ যোৱা চকুলোৰ দৃশ্য মনত পৰি বুকু কঁপি উঠিছিল তাৰ। অভাৱক কেতিয়াও অভাৱ বুলি নাভাবিলৈ শিকোৱা মাকৰ মুখ খন আৰু ভনীয়েকৰ শিক্ষা জীৱনত সাৰ পানীৰ যোগান ধৰাৰ একমাত্ৰ মুখীয়াল সি। সেয়ে ঘৰলৈ উভতি যোৱাৰ পথও বিচাৰি নাপালে। অৱশেষত যোগাৰ কৰি লৈছিল এটা সৰু কাম। এখন গেলা মালৰ দোকানত কাম পাইছিল সি ৷ কামটো বহুত কষ্টকৰ আছিল যদিওঁ ঘৰখন চলোৱাৰ তাগিদাত কৰিবলৈ লৈছিল। শিক্ষিত হৈও সি কামটো কৰিবলৈ কিন্তু অলপো সংকোচ কৰা নাছিল। লাজ মান কাটি কৰি থৈ সি যি কৰিছিল মন দি কৰাৰ লগতে ধৈৰ্য্য ধৰি হাঁহি মূখে কৰিছিল।। সদায় থেলা থেলি বস্তুবোৰ অনা নিয়া কৰিব লগা হৈছিল এখন দোকানৰ পৰা আন এখন দোকানলৈ। এসাজ খাই এসাজ নাখাই হ'লেও সি পইচা সাঁছি ৰাখিছিল মাহেকৰ মুৰত ঘৰলৈ পঠিয়াবলৈ। যদিও সি তেনে কাম কৰি আছিল ঘৰত কিন্তু জানিবলৈ দিয়া নাছিল। সৰু কোম্পেনী এটাত চাকৰি পোৱা বুলিহে ঘৰত জানিবলৈ দিছিল। প্ৰায় এবছৰে সি বহুত কষ্টত ঘৰলৈ পইছা পঠিয়াই আছিল। হয়টো ভগৱানৰ দয়া উপজিল সিহঁতৰ ঘৰখনলৈ। ঘৰৰ ওচৰতে এটা অংগণবাড়ী কেন্দ্ৰ খোলাত শিক্ষিত মেঘালীকে কেন্দ্ৰটো চলোৱাৰ দায়িত্বভাৰ দিছিল গাঁওৰ ৰাইজে। খবৰটো পাই দীঘলকৈ উশাহ এটা লৈছিল প্ৰতীমে। অন্তত: আজিৰ পৰা সি লঘোনে থাকিব লগা নহয়।
মাকৰ চাকৰিটোৱে যথেষ্ট সকাহ দিছিল তাক। ঘৰলৈ কম পৰিমানৰ পইছা পঠিয়ালেও বিশেষ অসুবিধা নহয় এতিয়া। সেয়ে ভাবি সি কামৰ মাজতে সময় উলিয়াই এবছৰীয়া কম্পিউটাৰ ক'ৰ্চ এটাৰ কাৰণে নামভৰ্ত্তি কৰাই ল'লে। যথেষ্ট কষ্ট কৰি সময় উলিয়াই কম্পিউটাৰ শিক্ষাত মন দিবলৈ ল'লে।
লাহে লাহে কম্পিউটাৰৰ প্ৰতি তাৰ দুৰ্ৱলতা বাঢ়ি আহিল,মন প্ৰাণ ঢালি কম্পিউটাৰ শিকিলে। মৰণক হৰণ দি সমান্তৰালভাবে দুয়োটা কাম চলাই গ'ল। ফলত বছৰৰ অন্তত ভাল ৰিজাল্ট লৈ কম্পিউটাৰ শিক্ষা শেষ কৰিলে। কম্পিউটাৰ শিক্ষাই যেন তাৰ জীৱনটো পুনৰ ৰঙীন কৰি তুলিলে। ভাল ৰিজাল্ট লৈ উত্তীৰ্ণ হোৱাত তাক কম্পিউটাৰ শিক্ষকজনেই এটা কোম্পেনীত চাকৰিৰ যোগাৰ কৰি দিছিল। মাহিলি ১০ হাজাৰ টকা দৰমহাৰে সি এতিয়া খুব ব্যস্ত অফিচৰ কামত।
অনবৰতে হাঁহি মুখে থকা সহজ সৰল অমায়িক প্ৰতীম সকলোৰে মৰমৰ হৈ পৰিল। খুব কম দিনৰ ভিতৰতে সকলোৰে বিশ্বাসী হৈ পৰা প্ৰতীমে নিখুত ভাৱে উপলব্ধি কৰে এই সাফল্যৰ আঁৰত যে তাৰ অক্লান্ত শ্ৰম আৰু মাক দেউতাকৰ আৰ্শীবাদ জড়িত। ধৈৰ্য্য ধৰি সমস্যা সমাধান কৰিব বিচৰা কৰ্মপটু প্ৰতীম আজি কোম্পেনীৰ মালিক আদিত্যৰ অতি বিশ্বাসী। তাক মাত্ৰ ২০ দিনৰ কাৰণেহে ছুটি দিছে। ৩ বছৰ ক'ত আৰু ২০ দিন ক'ত। উপাই নাই কোম্পেনীৰ চাকৰি। ঘৰত গৈ কৰিব লগা কাম বহুতেই আছে তাৰ। দেউতাকক উচ্চ চিকিৎসাৰ কাৰণে অসমৰ বাহিৰলৈ নিব,মাক ভনীয়েকৰ মুখত হাঁহি বিৰিঙাব আৰু যে কত কি ভাৱনা তাৰ।
অতীতৰ কথাবোৰ ভাৱি থাকোতে কেতিয়ানো তাৰ টোপনি আহিল গমেই নাপালে সি। হঠাৎ এলাৰ্মটো বাজি উঠাত সাৰ পাই উঠি বহিল। সন্ধিয়া হ'বৰে হ'ল। সাত বজাত ৰে'ল আছে। মুখ হাত ধূই অলপ ফ্ৰেছ হৈ ল'লে সি । সন্ধিয়া ৬:৩০ বজাত ওলাই গ'ল ষ্টেচনলৈ,তেতিয়
-
শ্বেয়াৰ কৰক
-
ফে'চবুকত শ্বেয়াৰ
-
টুইতাৰত শ্বেয়াৰ
-
গুগলত শ্বেয়াৰ
-
পিন
-
লিংকিনত শ্বেয়াৰ